Sunday, 24 June 2012

পাৰ হৈ যোৱা দিন বোৰ


পাৰ হৈ গল নিমিষতে
মোৰ জীবনৰ একুৰী বসন্ত
ক'তা আজিছোন মছিব পৰা নাই
হিয়াত গোপনে লিখা তোমাৰ নাম
আজি চাগে সকলো তুমি উতাই দিলা পাহৰনি নামৰ নৈ খনত
মোৰ বিবে এটি মিঠা ষ্মৃতি হয় আজিয়ো ওমলি আছা
আৰু মই নিসংগতাৰ সেই ষ্মৃতিবোৰ সেপিয়াই সুখি অনুভব কৰো
পাৰ হৈ যোৱা প্রতিটো বসন্ত হব পাৰে তোমাৰ বাবে অতিত
মোৰ বাবে হৈ ৰল পাহৰিব নোৱৰা একোতা ষ্মৃতি

Submitted by - SIBANI
--------

স্বাধীনতা

 
কতনো হেৰাল আজি মহত্মা গান্ধীৰ সেই স্বাধীনতা
কত হেৰাল জনসাধৰনৰ সেই একনায়কতাবাদ
আজি হত্যা হিংসাৰে ভি পৰিছে দেশ
হব জানো আৰু এজন মহত্মা গান্ধীৰ জন্ম
কিয় বাৰু আমি স্বাধীন হৈয়ো পৰাধীন
কিয় আজি আমি স্বাধীনতাৰ গৌৰব অনুভবৰ পৰা বঞ্চিত
দিব পাৰিমনে আমি আজি শ্বহিদৰ আত্মবলিদানৰ সন্মান
জ্বলাব পাৰিমনে আমি অকালৰ সেই স্বাধীনতাৰ বন্তি
আজি বিষাদেৰে ভৰি পৰে মন
স্বাধীনতাৰ আলোক বিচাৰি

Submitted by - Arpon
--------

Thursday, 21 June 2012

কৰিছানে অনুভব এবাৰলৈয়ো


কৰিছানে অনুভব এবাৰলৈয়ো
হৃদয় ভাঙিলে কিদৰে সৰি যায়
সপোনৰ পাহিবোৰ
কি দৰে হেৰায় যায় সকলো
তুমি জানানে হৃদয় ভাঙিলে
পূৰ্ণিমাৰ নিশাও নামি আহে
অমাবষ্যাৰ আন্ধাৰ
তুমি কি বুজিবা
তুমিতো হৃদয় ভাঙি হাঁহি মৰা মানুহ।

Submitted by - SIBANI
--------

কত গল ফাগুন


এই মাত্র ৰখাই দিয়া চিটি বাছ খনৰ পৰা নামিছে ফাগুন
মেলি দিয়া দীঘল ঘন ছুলীকোচা বতাহত নাচিছে
যেন কিবা কব খুজিছে
মুখত এটি মিছিকিয়া হাঁহি
কান্ধত কলেজৰ বেগ
পিন্ধনত ৰঙা বগা মিনি স্কাৰ্ট আৰু বগা চাৰ্ট
চকুৰ পলকতে নাই
কত গল ফাগুন ।

--------

Tuesday, 19 June 2012

মাথো এটি ভূলৰ বাবে


জীবনৰ সকলো বেদনা পাহৰি
মেলিলো ধাপলি গুৱাহাটী লাইভলৈ বুলি
অজানিতেই কৰিলো ভূল মই
জানি বুজি কৰিলে হয়তো পালো হেতন ক্ষমা
মাথো এটি ভূলৰ বাবে আজি
তুমি মোক বেয়া পালা
পাৰিবা নেকি বান্ধিবলৈ তুমাৰ মৰমৰ জৱনিকা
আাজি বেদনাৰে আকৌ ভৰি পৰিল মোৰ জীবন
অনুভব হয় মৃত্যুৱে ধোৱাই নিব মোৰ বেদনাময় জীবন
আজি পলে পলে নিগৰি আহে মোৰ চকুলো
মাথো এটি ভূলৰ বাবে।

Submitted by - Arpon
--------

এধানি মৰম বিচাৰি


এধানি মৰম বিচাৰি আজি পৰিছো মই ভাগৰি
লবানে মৰৰমি মোক সাবতি
নদি বৈ যায় সাগৰলৈ বুলি
মোৰ মন বৈ যায় তোমাৰ কাষলৈ
আজি কোৱানা এবাৰ মোক ভাল পাওঁ বুলি
হিয়া ওজাৰি দিম তোমাক সমস্ত মৰম
মৰমৰে ওপচাই দিম তোমাৰ হিয়া
আহিছো তুমাৰ কাষলৈ মৰম বিচাৰি

Submitted by - Arpon
--------

তুমি আহিবা বুলি


তুমি আহিবা বুলি
সন্ধিয়াটো মতাল কৰি ৰাখিছিলো
সেৱালিৰ সুবাসেৰে
আৰু জোনাকেও দেখুৱাই দিছিল তোমাক মোৰ বাট
ননিয়ৰৰ দলিছা গছকি তুমি আহিবা বুলি
ৰৈ আছো মই
ৰৈ আছে মোৰ সপোন

Submitted by - SIBANI
--------